XUNYO ( শূন্য ) Kool-D & Zupiter || New Assamese Rap Lyrics

    XUNYO LYRICS

 
 
মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ছাঁয়া । I really don't wanna chase anything cause , দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।। মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ঠিকনা । কোনোমতে মাথোঁ আছোঁ জীয়াই , মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা ।।

 চিনাকি বহুত চিনাকি অযুত , সহায়ৰ হাত লাগে যদি চিনাকি মজুত । পিছে নিজকে কিয় বাৰু নিচিনিলোঁ আজিলৈকে , হৃদয়ত দেখোঁ কিয় অচিনাকি মোক ।।

 অনাই বনাই ফুৰিছোঁ ঘূৰি মই বিচাৰি হেৰুৱা বাটৰ দিশ । যুঁজিছোঁ কিয় মই নিজৰে লগতে , আচলতে এটা সাঁথৰ ই । বিচৰা নাই মই চিনাকি চেহেৰা , যাবলৈ খুজি মই আঁতৰি । নিজৰে মাজতে মগন , আজি মোক নালাগে কাৰোৰে বাতৰি ।। 

নিজেই নিজৰ শত্ৰু মই সঁচা মহাপাগল । বৰ্ষাৰ নহয় পানী , এইয়া চকুৰে অহা জাগল । টুলুঙা মোৰ নৌকা গৈ পালে মহাসাগৰ , মই ডুবিযাব খোজোঁ আজি লাগিছে বৰ ভাগৰ । 

 মই কব খোজোঁ বহুকথা বুকু ফালি । পিছে আৱেগবোৰ থমকি ৰয় দুকুঠালিত । তাতে বহোঁ আৰু সময়বোৰ জুখোঁ বালিত । বৈ যোৱা নৈ আৰু লোৱা তাতে মোকো ঢালি ।। ×2 

 ধূলিকণা মইও মোৰো নো কি চিন-চাব, ফোঁপোলা জীৱন ইয়াত মৰে মানুহ চিন্তাত । আৱেগৰ বাষ্পত নেদেখা মই লীন তাপ , আকাশত চুই হ'ব খোজোঁ বিলীন তাত ।। ×2

 নাম , যশ , অভিলাষ আৰু ফেনেকা ধন । আৱেগত আছোঁ উটি আজি সেমেকা মন ।। মানুহলৈ লাগে ভয় কিয় নাজানোঁ মই , লগ বুলিবলৈ আছে মাথোঁ নেদেখা জন।। জীৱন যুদ্ধত চিপাহী মই নাম কটা , জ্বলিছে জুই মনত অলপো নাই সামকতা । নিথৰ মনে কৰে ভাগৰুৱা প্ৰশ্ন মোক , ক'ত যাম আজি ক'ত বাৰু পাম সকাহ ।।

 মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ছাঁয়া । I really don't wanna chase anything cause , দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।। 

দুদিনৰ ঢৌ নালাগে মোৰ বাৰ্তা হওঁক আজীৱন । মনে যদি কান্দে তাতে কবিতাবোৰ সাজিলম ।। বিচৰাবোৰ পালোঁ পিছে উকা চোন আজি মন । কব যি মনে আজি তাকেই মই মানি লম ।।

 মই হালি পৰা গছ আজি শুকান মোৰ গছপাত । সেউজৰ সপোনবোৰ হেৰালে অকস্মাৎ ।। আহিলা বেছি জীৱন পেলনীয়া বস্তাত । মই থমকি লৈ দেখোঁ নিজক মৰহি অৱস্থাত ।।

 যুদ্ধখন নিজৰ লগত আক্ষেপ নাই কাৰো প্ৰতি । নিজকে মই সাৱটি লম কষ্ট হয় আৰু যদি ।। বিষাদ এটা কলা, মই নিজে চাগে তাৰো প্ৰতীক । আগবাঢ়ক সকলো মই হেঙাৰ নহওঁ কাৰো গতিত ।।×2

 মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ছাঁয়া । I really don't wanna chase anything cause , দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।। মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ঠিকনা । কোনোমতে মাথোঁ আছোঁ জীয়াই , মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা ।।

Post a Comment

0 Comments